পৃষ্ঠা:কুলাচল বধ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
কুলাচল বধ৷

যুধিষ্ঠিৰ ৰাজা সবাহাতে শ্ৰেষ্ঠতৰ।
তীৰ্থ স্নান কৰি আমি ফুৰো নিৰন্তৰ॥
ভীমক জোঙ্কায়া দশ দানৱ চৰিয়া।
আপোনাৰ দোষে সিটো গৈলেক মৰিয়া॥
এহি শুনি চাৰি জনে পায়া কিছু ভয়।
বোলে দশ জনক মাৰিল এহি চয়॥
কৈৰ বা মনুষ্য ইটো কৈক লাগি যাইব।
জোঙ্কাইলে আমাক মাৰি যমক দেখাইব॥
এতেকে ইহাক মাতিবাক নলাগয়।
মানুষৰ বেশে কিবা দেৱ আসিচয়॥
বিষম মনুষ্য জাতি বৈৰী দানৱৰ।
ইহাক জোঙ্কাইলে মিলিবেক আথান্তৰ॥
এহি গুণি কিন্তু আরু নুবুলি বচন।
শীঘ্ৰ কৰি চলিয়া গৈলেক চাৰিজন॥
জাহিঙ্গ নদীৰ তীৰে পাতিয়া নগৰ।
কুঞ্জৰাট নামে আছ সেনাপতি বৰ॥
অনেক দানৱ সেনা তাৰ লগে আছে।
দেৱ নাগ নৰ তৃণ প্ৰায় তাৰ কাছে॥
চাৰি চৰে তান আগে সবে কথা কৈল।
শুনা সেনাপতি কাৰ্য্য অপায় মিলিল॥