পৃষ্ঠা:কুলাচল বধ.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
কুলাচল বধ৷

ঋষিগণ বাজে যত মনুষ্য পাৱয়।
ধৰি নিয়া দিয়ে সবে ৰাজায়ে খাৱয়॥
একদিনা নকুল সহদেব দুই ভাই।
মৃগ মাৰি ফুৰে ক্ষীৰবনত সোমাই॥
চাৰিগোটা দানবক তথাতে দেখিল।
সন্নিত চাপিয়া তাৰা পুচিবে লাগিল॥
কোন তোৰা দুই জন নৰতে উত্তম।
কিহেতু ফুৰাহা ইটো কানন দুৰ্গম॥
ইভিতি সিভিতি হোৱে সতৰ দিনৰ।
কুলাচল নৃপতিৰ ৰাজ্য নিৰন্তৰ॥
কৈৰ পৰা আসি তোৰা ইহাত পশিলা।
অনুচৰ দানৱক তোৰা কি মাৰিলা॥
জাতি জন্ম তোমাৰাৰ কৈয়ো নাম গ্ৰাম।
হেন নৰ নৌউ দেখো জগতে উপাম॥
হেন শুনি সহদেবে দিলন্ত উত্তৰ।
শুন কহো চাৰি দানৱৰ অনুচৰ॥
পাণ্ডু নৃপতিৰ পুত্ৰ ৰাজা যুধিষ্ঠিৰ।
তান ভ্ৰাতৃ হওঁ আমি চাৰি মহাবীৰ॥
সহদেৱ নাম মোৰ নকুল ইহান।
ভীম ধনঞ্জয় আমাথেৰ জ্যেষ্ঠ জান॥