পৃষ্ঠা:কুলাচল বধ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলাচল-বধ

যজ্ঞস্থলি খান বহুতৰ কৰি তথা।
ৰাজাৰ আগত যাই কহিলন্ত কথা॥
শুনি ৰাজা সভাৰ্ঘো সহিতে সমদলে।
পঞ্চতীৰ্থ সৰোবৰে মিলিল কেৱলে॥
দিব্যমুৰ্ত্তি সজাইলন্ত শ্বেতমাধৱৰ।
কৰাইলন্ত পুজা হোম কৰি ভয়ঙ্কৰ॥
নিৰন্তৰে পূজিলন্ত দশ দিনমান।
প্ৰচণ্ড বহ্নিত হোম ভৈল বৰ টান॥
পূজাত সন্তোষ ভৈলা পুরষ ঈশান।
মুৰ্ত্তিমন্ত যজ্ঞত ভৈলন্ত অধিষ্ঠান॥
এক অঙ্গে বালক স্বৰূপ ধৰিলন্ত।
ধূম্ৰৰ মাঝৰপৰা বজায়া গৈলন্ত॥
হোমধুম্ৰে বিয়াপীত সবে দেখিলন্ত।
উফৰিয়া যজ্ঞ মণ্ডপত পড়িলন্ত॥
হোতা সবে আথে বেথে তুলিয়া ধৰিল।
শীঘ্ৰবেগ কৰিয়া ৰাজাত জানদিল॥
শুনা মহাৰাজ কথা আশ্চৰ্য্য মিলিল।
হোমধুম্ৰ হন্তে এক বালক জন্মিল॥
প্ৰচণ্ড বহ্ণিৰ কুণ্ড নিমাই আছিল।
পাছে ভয়ানক এক শবদ উঠিল॥