পৃষ্ঠা:কুলাচল বধ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলাচল-বধ

স্তুতি মতি মিনতি কৰিয়া নৰপতি।
কহিবে লাগিল দুঃখ পূত্ৰৰ নিমিত্তে॥
যি বোলে শুনা ৰাজা আমাৰ বাক্যক॥
মহা যজ্ঞে পুজিয়োক শ্বেতমাধৱক॥
হৈবেক দুৰ্জ্জয় পুত্ৰ এতেকে তোমাৰ।
তাহান সমান কেহো নহৈবেক আৰ॥
এহি বুলি চলি গৈলা দেৱ মুনিবৰ।
শুনিয়োক কথা আবে আত অনন্তৰ॥
পক্ষিগণে বোলে কথা শুনিয়ো জৈমিনি।
গালৱে কহন্ত পাণ্ডুপুত্ৰে আছে শুনি॥
ধৰ্ম্মবাহু নামে তান সুমন্ত্ৰী আছয়।
তাহাক সম্বুদ্ধি ৰাজা আদেশ কৰয়॥
আমাৰ আদেশ চলি যাহা এতিক্ষণ।
হাঙ্কাৰ কৰিয়া আনিয়োক ৰাজাগণ॥
আছে পঞ্চ নদী তীৰ্থ মহা পুণ্য জল৷
তাহান তীৰত কৰা স্থান সুনিৰ্ম্মল॥
যজ্ঞ কৰিবাক লাগি সম্ভাৰ মিলাই৷
শ্বেতমাধৱক আমি পুজবো সিঠাই॥
শুনি মন্ত্ৰিবৰ মহা বেগে চলি গৈলা।
মহাৰম্য কৰি পুণ্যস্থলিক মাৰ্জ্জিলা॥