পৃষ্ঠা:কুলাচল বধ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলাচল-বধ।

হোমধুম্ৰে ব্যাপিলেক যজ্ঞ লোকক।
নেদেখিয় অন্ধকাৰে আপোন পৰক॥
দণ্ডদুই মানে সিতোঁ ব্যাপি আছিলেক৷
তাৰহন্তে মুৰ্ত্তিধৰি বজায়া গৈলেক॥
ধুমে আবৰিত হুয়া বালক সুন্দৰ।
হেন শুনি ৰাজা আসিলন্ত খবতৰ॥
মহাৰঙ্গে বালকক তুলিয়া লৈলন্ত।
হোতা সবে পাছে পূৰ্ণ আহুতি দিলন্ত॥
ঋত্বিজ আচাৰ্য্য সবে বৰৰঙ্গ পাইল৷
ৰাজাক আশীষ কৰি বাজ হুয়া গৈল॥
গালব যদতি কথা শুনা ধৰ্ম্মৰাই৷
কৰ্ণদত্ত ৰাজাৰ ৰঙ্গৰ সীমা নাই॥
যজ্ঞৰ দক্ষিণা দিলা বিপ্ৰ সমস্তক৷
ধন ৰত্ন দাসী দাস গো মহিষক॥
সহস্ৰ বিপ্ৰক দিলা ৰত্ব অলঙ্কাৰ৷
এক লক্ষ ৰজত সুবৰ্ণ শতভাৰ॥
আনো বিপ্ৰ বৈষ্ণবক দিলা পুৰি মন।
দৰিদ্ৰ সবৰো ধনে গুছাইলা যতন॥
নিৰন্তৰ নৰনাৰী প্ৰজাক তুষিলা।
আনো সকলক বস্ত্ৰ অলঙ্কাৰ দিলা॥