এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
কুলাচল-বধ ৷
ক্ষত্ৰি হুয়া মাৰে বা মাৰয় এহি কাষ॥
দুয়ো কথা বখানয় ধৰণীৰ মাজ॥
তুমি যি কহিলা ইটো সামান্যৰ নয়
বলিষ্ঠক ডৰে সিটো লুকায়া ফুৰয়॥
ধনঞ্জয়ে বোলে দদা বুলিলাহা ভাল।
নকুলৰ বাক্য মোৰ কাণে নোসোমাল।
হেনয় বচন বাপু বুলিলি কিসক।
দেহৰ ভয়ত কোনে এড়য় ধৰ্ম্মক॥
ধৰ্ম্মক কৰন্তে যদি মিলয় মৰণ।
তাহাৰ হোৱয় অভ্যুদয় পুণ্যগণ॥
দানৱক ভয়ে আমি তীথক নযাইবোঁ।
অৰণ্য মাজত পশি লুকায়া থাকিবোঁ।
ঈশ্বৰৰ ইচ্ছা যেহি আছে সেহি হৈবে।
কৰম আৰ্জ্জিত বাপু কমনে বাধিবে॥
এহিমনে পাঞ্চভাই আলোচ কৰিল।
পূৰ্ব্ব কৰ্ম্মে দৰশিল হৰিষে চলিল॥
পুষ্পবনচয় সবে তীৰ্থৰ তীৰত।
মাথা চপৰায়া আছে দেখয় সমস্ত॥
ফুলি ফুলি আছে নানা ৰঙ্গে পুষ্পচয়।
দেখি সিটো শোভা আতি আনন্দ হৃদয়॥