পৃষ্ঠা:কুলাচল বধ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
কুলাচল-বধ ৷

যুধিষ্ঠিৰে বোলে বাপু শুনা চাৰি বীৰ৷
হেন মনে লয় চাহি ফুৰো তীৰে তীৰ॥
ইহাতে থাকিল ক্ষুধা তৃষা হোৱে দূৰ।
চাৰিও কাখৰে ফুৰো হোক মন পূৰ॥
বদতি নকুল দদা বুলিলাহা ভাল।
আছে কুলাচল অতি দানব বিশাল॥
তীৰ্থ বন সমস্তে তাহাৰ অধিকাৰ।
পৰম বলিষ্ঠ পাপী দন্দুৰ দুৰ্ব্বাৰ॥
সেহি সমে কি জানো লাগয় কন্দল।
গালৱে কহিছে সিটো দানৱ নিষখল॥
তাৰ অনুচৰগণ ইহাত ফুৰয়।
সেহি পাইলে আমাৰ মৰণ মিলয়॥
এতেকেসে মোৰ মনে যাইবে ইচ্ছা নাই।
ভীমে মাতিলন্ত পাছে নকুলক চাই॥
বোলোঁ মোৰ বাণী আবে শুনিয়ো বপাই।
যিবা হুইবে হোৱে সিটো ঈশ্বৰ ইচ্ছাই॥
যি কহিলা নোহে সিটো যুগুত বচন।
ক্ষত্ৰি হুয়া যুদ্ধ জয় কৰে কোন জন৷
নুহিকয় বীৰ সিটো পুরুষ নোহয়।
লোকৰ বীৰত্ব শুনি যিটো কৰে ভয়॥