পৃষ্ঠা:কুলাচল বধ.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
কুলাচল-বধ ৷

কণ্টকী শ্ৰীফল আম জাম নাৰিকল।
বাহ্ৰয় মাসত তাত পাই সবে ফল॥
পকি পকি আছে দিব্য দশনৈয়া কল।
ভীমসেনে আনি তাক দমাইলা সকল॥
দেব পিতৃ তপিয়া কৃষ্ণক চিন্তি মনে।
ভুঞ্জিলন্ত ফল পাঞ্চো ভাই ৰঙ্গ মনে॥
পাছে তৈৰ পৰা আন স্থান লড়িল।
পশ্চিমৰ পাৰে গৈয় উপাগত ভৈল॥
সেহিবেলা তথাতে মিলিল অথান্তৰ।
কুলাচল দানৱৰ ফুৰৈ অনুচৰ॥
কুলাচল ৰাক্ষসৰ আহাৰ কাৰণ!
কোমল মনুষ্য চাহি ফুৰে চৰগণ॥
দেবাসুৰ নৰে কাকো নাহি কৰে শঙ্কা।
মংস্য কেন ধৰিলৈয়া যাই মৎস্যৰঙ্কা॥
পাণ্ডবক দেখিয়া আনন্দ অতিশয়।
খল খলি হাসি আরু টকালি পাৰয়॥
কৈৰহন্তে কোমল মনুষ্য আসি ভৈল৷
কুলাচল নৃপতিৰ আহাৰ মিলিল॥
দশগোট অনুচৰ পৰ্ব্বত সমান।
শাল বৃক্ষসম বাহু কুলা যেন কাণ॥