পৃষ্ঠা:কুলাচল বধ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলাচল-বধ

অকণ্টকে বৰ মুখে প্ৰজাক পালয়।
স্বৰ্গতো অধিক সুখী তাৰ লোকচয়॥
ঘৰে ঘৰে প্ৰত্যেকে অচলা লক্ষ্মী জলে।
নাহি মাৰী মৰক বঞ্চয় কৌতুহলে॥
মহাৰাজা কৰ্ণদত্ত দেৱে বখানয়।
মাৱ বাপ যেন মতেপ্ৰজাক পালয়॥
দুঃখী ভিক্ষু চৌৰ খট নাহিকে ৰাজ্যত।
সবে নাৰায়ণ পৰ প্ৰজা যত যত॥
কিন্তু পতিৰ মনে সুখ নাহি কয়।
সহস্ৰেক ভাৰ্য্যা কাৰো পুল্ৰ নাহি হয়॥
পুল্ৰ অৰ্থে যজ্ঞ ৰাজা কৰিলা বহুত।
তথাপিতো তাহাত নভৈল যেবে সুত॥
মহা বীৰকত আসি মিলিল মনত।
বোলে বৃথা ৰাজ্যভাৰ ধন বস্তু যত॥
শাস্ত্ৰ পুৰানত হেন কহে মুনিচয়।
পুল্ৰ ষাৰ নাহি পূৰ্ণ নৰকে পড়য়॥
হেন মতে নৃপতিৰ মনে সুখ নায়।
এক দিনা নাৰদ গৈলেক সেহি ঠায়॥
ব্ৰহ্মাপুত্ৰ নাৰদক দেখি মহাৰাই।
বহুতৰ গৌৰৱে পুঞ্জিলা বাঢ়ি যাই॥