পৃষ্ঠা:কুলাচল বধ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলাচল-বধ।

কিবা ঋষি সমুহ নাহিক সিথানত।
তাৰ কথা শুনিবাক কৌতুক মনত॥
হেন মহা প্ৰশ্নৰ কাহিনী শুনি মুনি।
হৰিষ বদনে চাই মাতিলন্ত গুণি॥
সাধু সাধু পাণ্ডুসুত কুন্তীৰ তনয়।
পৃথিবীৰ ভাৰ দূৰ হৈবেক নিশ্চয়॥
পুছিলাহা যিটো কথা নাজানয় আনে।
তোমাৰ আগত মই কহোঁ বিদ্যমানে॥
ধৰ্ম্মপক্ষীগণে বেলে শুনিয়ো জৈমিনি।
কহিবে লাগিলা নৃপতিৰ প্ৰশ্ন শুনি।
শুনা মহাৰাজ পূৰ্ব্ব কথা যেন মত॥
কৰ্ণদত্ত নামে ৰাজা চন্দ্ৰৰ অংশত।
কাশীনামে নগৰ উত্তৰ সিন্ধুতীৰে।
বলে বীৰ্য্যে মহাক্ষেম বুদ্ধিত সুস্থিৰে॥
কাশীপুৰে থাকে কৰ্ণদত্ত মহাৰাই।
হাজাৰেক ৰাজা ক্ৰমে খাটে তান ঠাই॥
বিষ্ণুত ভকত ৰূপে গুণে অনুপাম।
হাজাৰেক পত্নী তান নাহিকে উপাম॥
অস্ত্ৰে শস্ত্ৰে শাস্ত্ৰে অতি পৰম পণ্ডিত।
ধৰণীমণ্ডলে মহাৰাজ অখণ্ডিত॥