পৃষ্ঠা:কুলাচল বধ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
কুলাচল বধ ৷

শুনা সত্যবাদী জিতেন্দ্ৰিয় মুনিচয়।
দ্বিজ জন্মে লোকৰ হিতক আচৰয়॥
সদায়ে মহন্তসব পৰ উপকাৰী।
পৰৰেসে হিত চিন্তে আপোনাকো মাৰি॥
আপোনাৰ কিছু যদি অল্পোদ্ৰব্য হয়।
যাচক জনক তভো নুভূঞ্জি দিৱয়॥
ক্ষমাবম্ভ দাতাৱন্ত দয়ালু অধিক।
মাৰিলেও প্ৰতীকাৰ নকৰে প্ৰাণীক॥
হেনয় মহন্ত সব তোৰা সৰ্ব্বজান।
কেনে হেন অধৰ্ম্ম কৰাহা বিদ্যমান॥
অবোধ কুমাৰ মোৰ স্বভাবে দুৰ্জন।
সাধুহুয়া তোৰা নাশিলাহা কিকাৰণ॥
লক্ষ লক্ষ লোকক বধিলা তোৰা কিক।
নুহিকা বৈষ্ণব তোৰা ৰাক্ষসতোধিক॥
এহিমতে ৰাজাৰ উঠিল ক্ৰোধ যাই।
মৰণ বেলাত সিটো বিবুদ্ধি চেঞ্চাই॥
শুন অৰে কপটী ব্ৰাহ্মণগণ যত।
ৰাজাৰেসে অধিকাৰ ধৰণী সমস্ত॥
আছে ধৰামাজে যত জীবজন্ত নৰ।
নৃপতিৰ সত্ব সিটো জান নিৰন্তৰ॥