পৃষ্ঠা:কুলাচল বধ.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
কুলাচল-বধ।

ধূম্ৰাক্ষৰ যত ভাৰ্য্যাগণ নিৰন্তৰ।
পশিলন্ত দানবৰ নগৰ ভিতৰ॥
ঋষি সবে যজ্ঞৰ কাৰ্য্যক আচৰিলা।
পুৰ্ণাহুতি দিয়া পাছে যজ্ঞ বিসৰ্জিলা॥
পুজাৰ কৰ্ম্মৰ যেবে অবসান ভৈল।
স্থানে স্থানে মুনিগণ যাইবে মন কৈল॥
হেনবেলা কৰ্ণদত্ত ৰাজা মিলিলেক।
সকলে মুনিক সেহি স্থানতে পাইলেক॥
ৰাজাক দেখিয়া ঋষিগণ যতমান।
আশংসা কৰিলা আগবাঢ়ি সেহিস্থান॥
অগস্তি বদতি কৰ্ণদত্ত মহাৰাই।
কোন কাৰ্য্যে আগমন ভৈল ইটোঠাই॥
মহাগোপ্যস্থান ইটো মনুষ্য লোকৰ।
পুণ্যবলে নিৰ্ম্মাণ কৰিছা সৃষ্টিকৰ॥
ব্ৰহ্মময় স্থানইটো মায়া বিৰহিত।
বলে আত পশে যিটো হোৱয় বৰ্জিত॥
তুমি কেনে প্ৰজাসমে আসিছা ইস্থান।
আমাৰ আগত কহিয়োক বিদ্যমান॥
গালৱে বোলন্ত কথা শুনা নৰবৰ।
কিছুমান কোপে ৰাজা দিলন্ত উত্তৰ॥