পৃষ্ঠা:কুলাচল বধ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
কুলাচল-বধ।

মোহোৰ চওৱাল মৃগ মাৰিবাক আইল।
ক্ষুধাতুৰ হুয়া অন্য দ্ৰব্যক চাহিল॥
শিশুধৰি হুয়া আছে দুৰ্জ্জন প্ৰচণ্ড।
প্ৰজাসমে তাহাক কৰিলা উগ্ৰদণ্ড॥
প্ৰাৰ্থকক হেন দণ্ড কমনে কৰয়।
চাহা তোমাৰাৰ দোষ হয় কি নহয়॥
যদি মোৰ পুত্ৰে আচৰিলে দ্ৰোহ যত।
তাৰ প্ৰায়শ্চিত্ত যত বিহিলা সমস্ত॥
অকাৰণে প্ৰজা সকলক কৈলা নাশ।
ব্ৰাহ্মণেসে ৰাক্ষস সবাকে কেনে খাস॥
নুহিকা বৈষ্ণব তোৰ কপটী সকল।
মিছামাত্ৰ তপ ব্ৰত কৰস কেবল॥
বিপ্ৰ বৈষ্ণবৰ হেন ক্ৰোধ প্ৰতীকাৰ।
কোন শাস্ত্ৰে কহে তোৰা কহিয়োক সাৰ॥
ক্ষত্ৰিয় ৰজাৰ কৰ্ম্ম মৰণ কাটন।
বিপ্ৰহুয়া হেন কৰ্ম্ম কৰ কিকাৰণ॥
ৰাজাৰ হেনয় কটু খৰতৰ বাণী।
মহাঋষি অগস্তিয়ে আছিলেক শুনি॥
সত্তৰি অযুত মুনি অঠৰ হাজাৰ।
দিব্য ব্ৰহ্মসভাখান দেখি চমৎকাৰ॥