পৃষ্ঠা:কুলাচল বধ.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কুলাচল বধ ৷

ঋষিৰ সত্ৰত জানোঁ পশিলেক যাই।
তাসম্বাক কিবা কষ্ট দিলেক সিঠাই॥
কটু বাক্য বুলি তাসম্বাক বিধ্বংসিল।
মহন্তৰ কোপে জানো অপায় মিলিল॥
এতদিন ভৈল কেনে নাসিল পুতাই।
এহি বুলি নৃপতিৰ নযাই নুপুহাই॥
মহাদুঃখে ৰাজা যেবে আছে কৰি শোক
বনহন্তে পালটী আসিল কত লোক॥
তাৰা সবে নৃপতিৰ আগে জান দিল।
শুনা মহাৰাজ যেন অপায় মিলিল॥
ক্ষীৰবনে পশু মাৰে তোমাৰ তনয়।
আসিবাক বুলিল যতেক পাত্ৰচয়॥
তাসম্বাক খেদিলেক কুমাৰ প্ৰচণ্ড।
অসংখ্যাত লোকক কৰিলে উগ্ৰদণ্ড॥
পাছে ঋষি সমুহৰ যজ্ঞ বিধ্বংসিল।
দানৱ হৈবাক মুনিগণে শাপ দিল॥
ভেৰা ছাগলৰ মুখ মনুষ্যৰ কায়।
তীক্ষ্ণ দুই গোটা শৃঙ্গ দেখি পাই ভয়॥
ব্যজন সদৃশ কাণ ডাঁৰি লোম বৰ৷
ভৈলেক বিকৃত ৰূপ তোমাৰ কুমৰ॥