পৃষ্ঠা:কুলাচল বধ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
কুলাচল-বধ ৷

আরু যতমান প্ৰজা আছিল লগত।
সবেয়ো দানৱ ভৈল ঋষিৰ শাপত॥
কহিলো তোমাত যেন কৰিয়ো উপায়।
এহি বুলি প্ৰজাগণে কৰিলা বিদায়॥
গালব বদতি শুনা ৰাজা ধৰ্ম্মমতি।
শুনি মুৰ্চ্ছা গৈলা কৰ্ণদত্ত নৰপতি॥
পাত্ৰমন্ত্ৰিগণে পাছে ধৰিয়া তুলিল।
কতো বেলি মানে ৰাজা মুৰ্চ্ছিত আছিল॥
চেতন লভিয়া পাছে কান্দে নৰপতি।
হাঁ বাপু ধুম্ৰাক্ষ কিভৈল তোৰ গতি॥
ইহাকেসে লাগি বাপ ভৈলি হেনভাৱ।
তোহোৰ বিৰহে মই মৰো এহিঠাৱ॥
কতভাগ্যে লভিলোহো যজ্ঞৰ কুণ্ডত।
শিশুধৰি ভৈলি বাপু হেনয় উন্মত্ত॥
সন্ত মহত্তক দুঃখ দিলিহি অপাৰ।
তোহোৰ নিমিতে দুঃখ মিলিল প্ৰজাৰ॥
চোৰ ডকাইতৰ ভাৱে কৰিলি অন্যায়।
সবাহাৰে পাপ যাই তোত লৈলে ঠায়॥
আপোনাৰ দোষে আপুনিসে নষ্ট ভৈলি।
ব্ৰহ্ম অগনিত কেনমতে বাস কৈলি॥