পৃষ্ঠা:কুলাচল বধ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
কুলাচল বধ ৷

মহাসাধু অগস্তিৰ চৰিত্ৰ শোভন।
তযু মুখে বাজ পাতকৰ হুতাশন॥
এহি কহি প্ৰেমত মজিলা ধৰ্ম্মৰায়।
মুনিবৰে বুজি পাছে তান অভিপ্ৰায়॥
বোলে সাধু সাধু পাণ্ডুসুত মহাশয়।
অপূৰ্ব্ব কথাক তুমি পুছিলা নিশ্চয়॥
ইহাৰ শ্ৰবণে তৰিবেক সবে নৰ।
বিষ্ণুভকতৰ ইটো কথা মনোহৰ॥
লোকক কৃপায়ে তুমি পুছিলা আমাত।
পাতক শত্ৰুৰ ইটো কৰে স্কন্ধপাত॥
এহিবুলি মুনিবৰ প্ৰেমত মজিলা।
পুৰাতন কথা কহিবাক আৰম্ভিলা॥
শুনা পাছ কথা যুধিষ্ঠিৰ পাঞ্চভাই।
কতিপয় মাস যেবে গৈলা সেহি ঠই।
কৰ্ণদত্ত নৃপতিৰ নাযাই নুপুহাই।
এক খানি পুত্ৰ পাইলো কত তপসাই॥
সিয়ো দুষ্ট ভৈল হাক ডাক নুশুনয়
বিপ্ৰ বৈষ্ণবক মহাক্লেশক দিৱয়॥
অপযশ কথা আৰ সহিবোঁহো কত
মৃগ মাৰিবাক গৈল কি ভৈল বনত