পৃষ্ঠা:কুলাচল বধ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলাচল-বধ৷

এহিমতে পাঞ্চো ভাই আলোচনা কৰি।
ঋষিৰ আগত যাই কহিলা সাদৰি॥
বদতি নৃপতি গুৰু তোমাত বিনাও।
আন স্থানে যাইবে লাগি তযু আজ্ঞা পাওঁ॥
হেন শুনি মুনিবৰে হাস্য কৰিলন্ত৷
ভাল ভাল বুলি পুনু সম্বুধি মাতঙ্ক॥
সকল মুনিৰ বাপু যাইবাহা প্ৰদেশ৷
কিন্তু নাযাইবাহা তুমি উত্তৰৰ দেশ॥
ধূম্ৰাক্ষ দানব আছে পৰম দুৰ্জ্জন৷
তাহাৰ ভয়ত কম্পমান সৰ্ব্বজন॥
প্ৰচণ্ড দুৰ্ম্মদ অতিশয় বলীয়াৰ৷
ইতিনি লোকত বলে সম নাহি তাৰ॥
হেন শুনি চাৰি বীৰ ৰাজা যুধিষ্ঠিৰ৷
পুনৰপি পুছিবে লাগিলা ধীৰে ধীৰ॥
কহিয়োক গুরু কেনে ধূম্ৰাক্ষ দানব৷
কেন মতে লোকক কৰয় পৰাভৱ॥
কোন বংশে জাত সিটো সন্ততি কাহাৰ৷
কোন জনে তাক নকৰয় প্ৰতীকাৰ॥
কতকাল আছে সিটো থান থিতি কৈত৷
হেন মত বীৰ জানো নাহিকয় তৈত॥