পৃষ্ঠা:কুলাচল বধ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
কুলাচল-বধ৷

দেৱতা মনুষ্য আরু যক্ষ ৰাক্ষসত।
তিনিয়ো ভুবন মাঝে লোক আছে যত॥
সবে মিলি কেহো মোক মাৰন্তা নোহোক।
এহিখানি বৰ মুনিৰাজ দিয়ো মোক॥
হেন শুনি অগস্তিয়ে অল্পকৰি হাসি।
বুলিলন্ত বাক্য তান মনে বিমৰষি॥
যিটো বৰ খুজিলিহি শুনৰে দুৰ্জ্জন।
আমি তাক দিবে নপাৰোঁহো কদাচন॥
ব্ৰহ্মা মহাদেব আদি যোগেশ্বৰ চয়।
সিসবেসে বৰদাতা জানিবি নিশ্চয়॥
হেন বৰ দিবাক নপাৰোঁ আমি জান।
তোহোৰ আগত মই কহিলো প্ৰমাণ॥
তিল কুশ অধিকাৰী বিপ্ৰ নিৰন্তৰ।
নোহো বৰদাতা শুন ৰাজাৰ কুমৰ॥
তথাপিতো সত্যজৰি আমাক চান্দিলি।
সত্য নষ্ট ভৈলে ঘোৰ পাতক সাঞ্চিলি॥
এহি কহি কমণ্ডলু জল পৰশিল।
আথ বেথ কৰি বাক্য বুলিবে লাগিল॥
ঈশ্বৰৰ যজ্ঞভাগ ভুঞ্জিলি প্ৰসাদ।
হৈবেক দানব সেনা সবে অপ্ৰমাদ॥