পৃষ্ঠা:কুলাচল বধ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
কুলাচল বধ৷

নৌউ শুনা ধুম্ৰাক্ষৰ বলবীৰ্য্য চয়৷
দেবাসুৰ নৰ সবে থৰতে কাম্পয়॥
অনেক ধুৰ্ত্তালি বাক্যে তাঙ্ক ভুরুকাইল।
তাহাৰ বচনে ঋষি বৰ ভয় পাইল॥
মনত বোলন্ত যেহি খোজ তাকে দিবোঁ।
ঋষিসব ৰাখি যজ্ঞ দুনাই আৰম্ভিবোঁ॥
ইটো পাপী ধূমকেতু গুচিলেসে ভাল।
পুনৰ্ব্বাৰ ঋষি মৃদুবচনে বুঝাইল॥
শুন অৰে আমাৰ বচন ক্ৰুৰমতি।
যেহি খোজ তাহাক দিবোহোঁ তোক অতি॥
কিন্তু মই শকতিয়ে যিবা পৰোঁ দিত।
তাহাক খুজিবি তই কহিলো নিশ্চিত॥
ধূম্ৰাক্ষে বোলয় মুনি কৰা অঙ্গীকাৰ।
নপৰা কথাক মই নোখোঁজোহোঁ আৰ॥
যদি দিবা সত্যকৰা নুবুলি অন্যথা।
ঋষিবোলে সত্যে দিবো কহ মোত কথা॥
এহিমতে সত্য জৰি ঋযিক বান্ধিল।
পাছে দুৰাচাৰে মাতি কহিবে লাগিল॥
অন্ত্ৰে শস্ত্ৰে সবাহাতে হৈবোহোঁ অমৰ।
বৃক্ষ শিলা তরু তৃণ আনো নিৰন্তৰ॥