পৃষ্ঠা:কুলাচল বধ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কুলাচল বধ৷

যিবুলিল মাৰন্তা নোহোক কেৱে মোক।
নৱ প্ৰহৰৰ পথে এহি কাৰ্য্য হোক॥
যাৱে তাৱে নজাৱ নহৈব মৰণ
অস্ত্ৰে শস্ত্ৰে নকাটোক বুলিলো বচণ॥
ধূপধূম্ৰ বঠী যিটো আনিয়া হানয়।
তাৰ মৃত্যু হৈব সেহি জান দুৰাশয়॥
মুখখান ছাগ মানুষৰ গাৱ হোক।
যাত মেষরূপে তই ক্লেশ দিলি মোক॥
চল চল দুৰাচাৰ বিলম্ব নকৰ।
ক্ষীৰবন এড়াই তাত পাতিয়ো নগৰ॥
কুলাচল দানব যে তোৰ নাম হৈব।
তোহোৰ ভয়ত লোক সকলে কাম্পিব॥
মহা ব্ৰহ্মশাপ তাৰ তেখনে মিলিল।
ডাঙ্গৰ দীঘল অতিদেহা গোট ভৈল॥
তীক্ষ্ণতৰ শৃঙ্গ মুখখান ছাগলৰ।
ভোবোকাৰ ডাৰি গোঁফ দেখি লাগে ডৰ॥
আরু কিবা হোৱে বুলি দানৱ ভয়ত।
তথাহন্তে আথে বেথে লড়িলা ত্বৰিত॥
গাৱৰ বেগৰ ভাগি পড়ে শাল তাল।
পশুপক্ষী ভয়পায়া পলাই পালে পাল।৷