পৃষ্ঠা:কুলাচল বধ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
কুলাচল-বধ৷

হৰিয়ো সন্তোষ হোক,   যম দায় নিবাৰোক,
  ডাক ছাৰি বোলা ৰাম ৰাম॥*॥

⸻⸻

॥ পদ॥

গালব বদতি কথা শুনা পাঞ্চ ভাই।
ধূম্ৰাক্ষে বুলিবে লৈল অগস্তিক চাই॥
কৰ্ণদত ৰাজা মই তাহান কুমৰ।
মৃগ মাৰিবাক আইলোঁ অৰণ্য ভিতৰ॥
ক্ষুধায়ে পীড়িত হুয়া অল্পৰ কাৰণ।
পঠায়া আছিলেঁ এহি স্থানে মন্ত্ৰিগণ॥
অনেক প্ৰকাৰে তাৰা অন্নক প্ৰাৰ্থিলা।
তোমৰা সকলে কিছু প্ৰসাদ নিদিলা॥
আমি পুনু আসি পাছে খুজিলো অন্নক।
নিদিলাহা কিছু আরু বুলিলা কুবাক॥
সিকাৰণে মহামেষ বেশক ধৰিলো।
সবে যজ্ঞ বিধ্বংসিয়া প্ৰসাদ ভুঞ্জিলো॥
অদ্যাপিয়ো বেলোঁ মুনি শুনিয়ো বচন।
মোৰ বাক্য নকৰিলে কৰিবোঁ যিমন॥
যজ্ঞ বিধংসিবোঁ সবে ঋষিক মাৰিবোঁ।
তোমাকে ডুবায়া ঘোৰ জল মাঝে দিবোঁ॥