পৃষ্ঠা:কুলাচল বধ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
কুলাচল বধ৷

সিকালৰে পৰা জানা   অগস্তি ঋষিৰ দৈত্যে
  শত্ৰু বুদ্ধি কৰিয়া মানন্ত॥
এতেকেসে মহন্তৰো   শত্ৰুৰ কাৰণ কৈলো
  শুনিলাহা প্ৰশ্নৰ উত্তৰ।
আক পুনৰপি ৰাজা  তোমাৰ আগত কহোঁ
  কথাক ধূম্ৰাক্ষ কুমৰৰ॥
বপুসুতে বোলে বাপু   শুনিবোক জৈমিনি
  গালৱে কহন্ত যেন নয়।
মায়াবী মেষক পাছে  অল্প অল্প কৰি তেবে
  ব্ৰহ্মবাট অগস্তি মাতয়॥
শুন অৰে বোপা তোৰ,   কহিয়োক জাতি ধৰ্ম্ম
  কেনে হেন বেশক ধৰিলি।
ঈশ্বৰৰ মহাযজ্ঞ,   পৰম প্ৰসাদ ইটো,
  কি কাৰণে তাক বিধংসিলি॥
যাৱে নৌউ ভস্ম কৰো,   আপোনাক ৰক্ষা কৰি,
  তাৱে ভালে কহিয়ো আমত।
মেষৰ ভাৱক এড়ি,   ৰাজাৰ কুমৰে পাছে,
  মাতিলন্ত কৰি যোৰহাত॥
শুনিয়োক সভাসদ,   ভাৰতৰ পুণ্যপদ,
  এড়ি সবে ভাষাভূষ কাম।