পৃষ্ঠা:কুলাচল বধ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
কুলাচল বধ৷

দেবতা গন্ধৰ্ব্ব যত   সবাকো পীড়য় আতি
  তেসম্বে ব্ৰহ্মাত গোচৰিল॥
হেন শুনি প্ৰজাপতি  দেৱক বুলিলা মাতি
  অগস্তিৰ পাশক চলিয়ো।
পৃশ্নিগৰ্ভে নাৰায়ণে  অমৰক বধিবন্ত
  মুনিজল আকৰ্ষিয়া দিয়ো॥
এহি শুনি দেবগণ   অগস্তিৰ পাশে যাই
  স্তুতি নতি কৰিলা অপাৰ।
শুনিয়োক মুনিৰাই  ব্ৰহ্মসৃষ্টি নষ্ট যাই
  দৈত্যগণে কৰে বুন্দামাৰ॥
সাগৰৰ জলে বাস,   নকৰে কাহাকো ত্ৰাস,
  ফুৰে স্বৰ্গ পৃথিবী বিদাৰি।
তোমাৰ পাশক আইলে,  জলহীন কৰাসিন্ধু
  তেবে দৈত্য মাৰিবাক পাৰি॥
দেৱৰ বচনে পাছে,  সাতো সাগৰৰ জল,
  মুনি কমণ্ডলু ভৰি থৈল।
পৃশ্নিগৰ্ভ নাৰায়ণ,   লৈয়ালগে দেবগণ,
  অসুৰক সংহাৰ কৰিল॥
অবশেষ দৈত্যগণ,   এড়ি স্নান মান সবে,
  দশোদিশে পলাই ৰৈলন্ত।