এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
কুলাচল বধ৷
শুনা সভাসদ পদ পৰম শোভন।
যুধিষ্ঠিৰ গালৱ সংবাদ বিতোপন॥
বিষ্ণু বৈষ্ণৱৰ কথা অমৃত সাক্ষাত।
দুয়ো কথা কৰে পাতকৰ স্কন্ধপাত॥
মিলয় মুকুতি সুখ গুছে ভবভয়।
অন্তকালে পাৱে গৈয়া বিষ্ণুৰ নিলয়॥
জানি যত্নে কৰা হৰি কথামৃত পান।
নাহি মহাপুণ্য আৰু ইহাৰ সমান॥
হেন জানি বুধজন এড়ি আন কায।
সত্বৰে লৈয়োক হৰি ভক্তৰ সমাজ॥
কহে কবিচন্দ্ৰে বাগেশ্বৰী অনুসৰি৷
পোড়োক পাপৰ দাম বোলা হৰি হৰি॥
⸺⸺
ছবি৷
অনন্তৰে মহামুনি, ৰাজাৰ বচন শুনি,
গালৱে মাতিলা ধীৰ ধীৰ।
পূৰ্বাপৰ কথাচয়, শুনিয়োক যেন নয়,
ধৰ্ম্মৰাজা পাণ্ডুসুত বীৰ॥
পুৰ্বে দৈত্যগণ যত আছিলেক পাতালত
পাছে সবে উঠিয়া আসিল।