সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯০
কুলাচল-বধ।


কৰ্ণৰাজা বোল মিত্ৰ প্ৰসাদে তোমাৰ।
মহন্ত কৃপাত পাৱে হৰি ভজিবাৰ॥
তুমি চৰিভ্ৰাতৃ সমে ফুৰাহা বনত।
এতেকেসে হৰি ফুৰা তোমাৰ সঙ্গত॥
কোন হেতু বনত ফুৰাহা মহাৰায়।
কহিয়োক মোত শুনিবাক ইচ্ছাযায়॥
বদতি নৃপতি শুনা আমাৰ কাহিনি।
ব্যাসৰ ঔৰসে জাত পুত্ৰ তিনি খানি॥
প্ৰথমৰ পুত্ৰ তেহে অন্ধক ভৈলন্ত।
ধৃতৰাষ্ট্ৰ নাম হেন তাহাৰ থৈলন্ত॥
মধ্যপাণ্ডু আমি তান ভৈলা পাঞ্চোভাই।
ছোটজন বিদূৰ তাহন ৰাজ্য নাই॥
ধৃতৰাষ্ট্ৰ ৰাজা ভৈলা হস্তিনা পুৰত।
ইন্দ্ৰপস্থে ৰাজা পাণডু আমাসাৰ তাত॥
ধৃতৰাষ্ট্ৰ নৃপতিৰ শত পুত্ৰ ভৈল।
দুৰ্য্যোধন দুঃশাসন আদিনাম থৈল॥
তাহান ৰাজ্যত ৰাজা ভৈল দুৰ্য্যোধন।
মই ৰাজা ভৈলোঁ পিতৃ স্বৰ্গক গমন॥
শত পুত্ৰ সমে সিটো ৰাজ্যক কৰয়।
অন্ধপিতৃ পুত্ৰ সমে আমাক হিংসয়॥