সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯১
কুলাচল-বধ।


শকুনি নামত আছে মাতুল তাহাৰ।
সেইসমে কুটপাশ পাতি দুৰাচাৰ॥
ৰাজ্যভাৰ ধনজন সকলে জিনিল।
ভাৰ্য্যাসমে পাঞ্চো ভাইক বনক খেদিল॥
দেবতা শ্ৰীহৰি ৰাজাগণ সমন্মিত।
আমাক নিবাক প্ৰতি আসিল তহিত॥
বনত বাণিজ্য যেন পাবে কোন নৰে।
বনত দেখিবোঁ ঋষিগণ নিৰন্তৰে॥
বহুতৰ ক্ষেত্ৰ তীৰ্থ কৰিবোহোঁ স্নান।
এহিগুণি তান বাক্য লঙ্ঘি বিদ্যমান॥
চাৰি ভ্ৰাতৃসমে আৰু দ্ৰোপদ জীয়াৰী।
বনত ফুৰোহোঁ আমি মহাৰঙ্গ কৰি॥
ইহাত ৰাক্ষস আরু দানব বহুত।
মাৰি কৰিলাহা ঋষি দেবক মুকুত॥
মহাদুষ্ট ষ্ণিৰ্ম্মিৰক মাৰিলন্ত ভীমে।
দেবদত্ত খালী সূৰ্য্যে দিলা অনুক্ৰমে॥
আৰো নানা ৰাক্ষস পিশাচ ঠাই ঠাই।
বধিলা বহুত আমহাৰ চাৰিভাই॥
অগস্তি ঋষিক দৰশনৰ কাৰন।
চলিলোহোঁ ভবাৰ্ণৰবনে ৰঙ্গমন॥