পৃষ্ঠা:কুলাচল বধ.djvu/৩৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৯
কুলাচল-বধ।

ভকতৰ পদে মাৰো দুৰ্জ্জন সবক।
তই ঘালি আছ মোৰ ভক্ত পাণ্ডবক॥
ভকতিসে জান মোক ভকত আছয়।
এতেকে তোহোকো মোৰ মাৰিবে লাগয়॥
আরু বৈকুণ্ঠক যান্তে বুলিলা ইন্দ্ৰক।
দশদিগপালে ৰাখিবাহা পাণ্ডবক॥
আপোনাৰ দেহসুখ চাহে দেবগণ।
মহন্তৰ দেহা জানা পৰৰ কাৰণ॥
জগতৰ বৈৰক মাৰিলা বঘাসুৰ।
তিনিয়ো লোকৰ মহাভয় ভৈলা দূৰ॥
হেনতো ভক্তক ৰাখিবাহা যত্নকৰি
এহিকহি বৈকুণ্ঠক গৈলা দেবহৰি॥
হেমসে বৈঞ্চব তোবাসব পাঞ্চ জন।
তযু পৰশনে হোৱে যিমান শোভন॥
মোৰো মহাভাগ্য তোমাৰাক পৰশন।
এহি শুনি মৌন ভৈলা যুধিষ্ঠিৰ ৰায়॥
জৰজৰি নয়নৰ নীৰ বহি যায়॥
পৰম বৈষ্ণব তুমি বিদ্যাধৰ পতি।
হৰিকথা শুনি ভৈল আমাৰ সুমতি॥