পৃষ্ঠা:কুলাচল বধ.djvu/৩৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮০
কুলাচল-বধ।

পুষ্পমালী বোলে দেব ঋষি সব যত।
দশদিগপাল আরু ৰাজা কৰ্ণদত্ত॥
অগস্তি প্ৰমুখ্যে তোমৰাক প্ৰশংসিল।
যাহাৰ কাৰণে আমি বিষ্ণুক দেখিল॥
কোটি অশ্বমেধ যজি নেদেখয় যাক।
হেনয় হৰিক আমি পাইলো দেখিবাক॥
একক্ষণো নছাড়ন্ত সাধুসঙ্গ হৰি।
কোটিষিজ্ঞ তুল্য নোটে সাধুসঙ্গ কৰি॥
পক্ষিগণে বোলে মুনি শুনিলা ৰহস্য।
মহন্তৰ সঙ্গে ঈশ্বৰক কৰে বশ্য॥
লক্ষযজ্ঞ নোহে মহন্তৰ সঙ্গসৰি।
ব্ৰহ্মাত কৰিছা হংস নাৰায়ণ হৰি॥
দ্বৈপায়ন মুখে আমি জানিলো সাক্ষাত।
পৰম ৰহস্য তত্ত্ব কৰিলোঁ তোমাত॥
পুষ্পমালী বাক্যে ৰাজা দ্ৰবিল হৃদয়।
স্নানিলন্ত দৌপদী সহিতে মহাশয়॥
পুজিলন্ত গন্ধৰ্ব্বক কৰি সত্তকাৰ।
পাদ্য অৰ্ঘ্য মধুপৰ্ক মিলায়া সম্ভাৰ॥
বোলন্ত নৃপতি যিমানত চড়োঁ যাই।
একেলগে চলিবাক পাওঁ পঞ্চভাই॥