সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৮
কুলাচল-বধ।


হেন শুনি বিদ্যাধৰ গন্ধৰ্ব্বৰপতি।
মনত বোলন্ত ভালে নযান্ত নৃপতি॥
ইহাঙ্ক নেনিলে ক্ৰোধিবন্ত সুৰপতি।
অসুৰৰ মায়াক ডাৰাৱে এন্তে অতি॥
বিমানত নুঠয় শঙ্কিয়া অতিশয়।
মোহোৰ নিবাক কষ্ট ভৈলেক নিশ্চয়॥
এহি ভাবি আথে বেথে গন্ধৰ্ব্বৰ ৰাই।
সাদৰিয়া নৃপতিক বুলিলা দুনাই॥
শুনিয়ো ৰাজন্য মোৰ বাক্যে দিয়া মন।
যিবোল বুলিলা ইটো স্বরূপ বচন॥
যদি স্বধানৰ হোৱে বৈষ্ণব নোহয়।
সিটো দেব বিমানে চড়িবে যোগ্য নয়॥
তুমি চক্ৰবত্তী ৰাজা বৈষ্ণবতে সাৰ।
কহি আছা ভগবন্তে যশস্যা তোমাৰ॥
বোলে কুলাচলে শুনিয়োক নাৰায়ণ।
আমাক বুজাহা তুমি কিসৰ কৰণ॥
সবাহাতে সম জগতৰ বাপমাৱ।
আমাক মাৰাহা কেনে বিষম স্বভাব॥
মাধবে বোলন্ত কথা শুন কুলাচল।
সমবুদ্ধি মোহোৰ সবাতো সমদল॥