সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৬
কুলাচল-বধ।


এতহন্তে গৈয়া তেবে বিমান নামিল।
ৰাজাক সাদৰি হেন বচন বুলিলা।
শুনিয়ো নৰেন্দ্ৰ আজ্ঞাধৰি বাসবৰ।
দ্ৰোপদী সহিতে চড়া বিমান উপৰ॥
পুস্পমালী নাম মই বিদ্যাধৰ পতি।
তোমাক নিবাক লাগি পঠাইছে অহিতি॥
অবিলম্বে উঠা ৰাজা নকৰি সংশয়।
শতক্ৰতু মাতিচয় যাইবাক লাগয়॥
যুধিষ্ঠিৰ বোলে বিষ্ণু নাৰায়ণ হৰি।
মানুষে দেবৰ যানে উঠো কেন কৰি॥
মহা তপ জপ হোম কৰি বহুতৰ।
বিমানে উঠিবে তেবে পাৱে কোনো নৰ॥
চটুৱা টামোন যিটো মনুষ্য হোৱয়।
আছোক উঠিবে দেখিবাক নপাৱয়॥
সেন জানি কেমনে চড়িবোঁ বিমানত।
আমি বনবাসী পুণ্যহীন অল্পসয়॥
চাৰিগুটি ভ্ৰাতৃমোৰ পড়িল ৰণত।
কি সুখে চড়িবোঁ আমি দেববিমানত॥
যৈৰপৰা আইলা তুমি তহিকে চলিয়ো।
আমাক নিবাৰ তুমি আশা নকৰিয়ো॥