সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭২
কুলাচল-বধ।


এহিতো ঔষধ পায়া স্বস্থ ভৈল মতি।
এহিগুণি হাসি মাতিলন্ত লক্ষ্মীপতি॥
মাধবে বোলন্ত শুনা ৰাজা মহাশয়।
মোহোৰ বচন আবে কৰিয়া নিশ্চয়॥
ক্ৰতুৰ দিবসমানে ৰাজ্যক ভূঞ্জিবা।
পাছে মহাভক্তি কৰি মোৰ লোক পাইবা॥
শুনা পুৰ্ণান্দৰ তুমি মোৰ বাক্য ধৰা।
কৰ্ণদত্ত ৰাজাৰ কুবুদ্ধি দূৰ কৰা॥
অপসৰাগণ আক অনায়া দিয়োক।
ইহাৰ ৰাজ্যত সবে নাৰীগণ হোক॥
পূৰ্ব্ব নাৰীগণ মানে সবে নষ্ট গৈল।
পুত্ৰৰ লগত সবে স্বেচ্ছাচাৰী ভৈল॥
যুধিষ্ঠিৰ ৰাজা সমে চাৰি পাণ্ডৱক।
একেলগে থৈয়ো নিয়া কৰি মোৰ বাক্য॥
ধৰ্ম্ম পক্ষিগনে বোলে শুনা মুনিসন্ত।
মহামুনি সবাকো কটাক্ষে চাহিলন্ত॥
গরুড় স্কন্ধত চড়ি পাৰিষদ সমে।
আকাশ গমনে চলি গৈলা অনুক্ৰমে॥
সিদ্ধ বিদ্যাধৰগণে দুন্দুভি বজাইল।
জয় জয় নাৰায়ণ আনন্দে ঘুষিল॥