পৃষ্ঠা:কুলাচল বধ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
কুলাচল বধ৷

ঝাম্পিল বিড়াল উপৰক লাঞ্জ তুলি।
লাঙ্গলৰ ঈশ যেন দশ নখ ফুলি॥
যেনবাঘে চাপৰ মাৰিলে হৰিণক।
দশনখে তুলি কাটি পেলাইলে মাংসক॥
চামৰ সদৃশ তাৰ দীৰ্ঘ লোমাদাঁড়ি।
গোফা গোফ কৰি তাক পেলাইলে উভাড়ি॥
এক নাৱ মান মাংস গুছালে গাৱৰ।
বেদনাত ছাগলে এড়িলে থৰবৰ॥
ঈশ্বৰ অৰ্পিত খায়া প্ৰসাদ আছয়।
অজৰ অমৰ হুয়া আছে দুৰাশয়॥
দুই শিঙ্গ ঝোঙ্কাৰিয়া ডেডাই আতি বলে।
মাৰ্জ্জাৰক ভূমিত পাৰিয়া বড় ছলে॥
ভড়ি দিয়া শৃঙ্গে ধৰিলেক বড় টানে।
দুই হাতে বিড়ালো ধৰিলা দুই কাণে॥
দুইকো দুই কামোৰা কামুৰি কৰে ধৰি।
আঝোৰ আঝোৰি কৰে ৰাগৰ বাগৰি।
যোজনেক ভূমি সিটো খাল হুয়া গৈল।
ব্ৰহ্মাৰ নিৰ্ম্মিত থান পঙ্কাকুল ভৈল।
যুদ্ধত পাইলেক দুয়ো সৰোবৰ তীৰ।
জলত উঠিল ঢেউ প্ৰচণ্ড গম্ভীৰ।