পৃষ্ঠা:কুলাচল বধ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
কুলাচল বধ৷

দুই ৰাত্ৰি দুই দিন যুদ্ধ নিৰন্তৰ।
ঋষিসব পলাই গৈল এড়ি বাড়ী ঘৰ।
যতমান যুদ্ধ ভৈল মেষ মাৰ্জ্জাৰৰ।
কহিয়া নাপাও ওৰ জানা নৃপবৰ।
যজ্ঞৰ হোমত জাত ৰাজাৰ কুমৰ।
ঈশ্বৰ অৰ্পিত দ্ৰব্য ভুঞ্জিলে বিস্তৰ।
এতেকেসে বিড়ালে মাৰিবে নপাৰয়।
যোগ অভ্যাসিবে মুনি মনে নপৰয়।
যোগবলে যিটো সাত সমুদ্ৰৰ জল।
গণ্ডুষ কৰিয়া সবে ৰাখিল কেৱল।
পশু শৰাৰক পায়া সবে পাসৰিল।
এতেকেসে মুনিবৰ যুদ্ধত ঘটিল৷৷
জলত ডুবিয়া দুয়ো টোল বোল ভৈলা।
নাকে মুখে জলসব সোমায়া ৰহিলা৷৷
হাঞ্চয় বিড়াল গোট ঠস ঠস স্বৰ।
পানীখায়া বল কিছু বাঢ়িল মেষৰ৷৷
গালৱে কহন্ত পাঞ্চ পাণ্ডবে শুনন্ত।
বিড়াল স্বৰূপ পাছে অগস্তি গুণন্ত।৷
কিননা ইটো দাৰুণ অবধ্য মেষ গোট।
সুৰাসুৰ লোকে আৰ কোনে সহে চোট৷৷