পৃষ্ঠা:কুলাচল বধ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কুলাচল বধ৷

চোট পায়া মেষ গোটে ফোকাৱয় অতি।
তাৰ ডেডনিত কম্পি যায় বসুমতী॥
বড় কুলক্ষণ আতি ছাগলে ডেডাই।
সুৰাসুৰ লোকে শুনি মহাভয় পাই॥
কতো বোলে ধৰণী পশয় পাতালক।
মহীধৰ সবে জানো এড়য় দেহক॥
কেহো বোলে মহামেরু পৰ্ব্বত ভাগয়।
আবে ত্ৰৈলোক্যৰ জানোঁ মিলিল প্ৰলয়॥
ঘোৰ মাওঁ ঘোৰ মাওঁ বিড়ালে নাদয়।
গাৱৰ বিষত দুয়ো দেখে তমোময়॥
দুইহানো গাৱৰ তেজ বহে ধাৰাসাৰ।
মেৰু মন্দৰৰ যেন বহে গেরুধাৰ॥
আকাশ ঢাকিল সবে দেৱ বিমান।
সিদ্ধ সাধ্য বসুগণ আসিল সিথান॥
মেষ মাৰ্জ্জাৰৰ যুদ্ধ দেখি ভয়ঙ্কৰ।
কিনো অদভূত কথা মিলিল অপাৰ॥
হেন কথা নতু দেখি পূৰ্ব্বে নাহি শুনি।
হেন মতে কহে কথা যত দেৱ মুনি॥
গালৱে বোলন্ত কথা শুনা ধৰ্ম্মৰায়।
খানিক বিশ্ৰামি দুই গুঞ্জৰি ফোঁফায়॥