সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৫
কুলাচল-বধ।


এহি বুলি প্ৰজা সব চাহিলন্ত হৰি।
কটাক্ষ অমৃতে সবে গৈল ভৰি পুৰি॥
নাচে হাসে প্ৰজাসবে কৰে জয়ধ্বনি।
স্বৰ্গ পুৰ পুৰিলেক প্ৰজাৰ হিসনি॥
অনন্তৰে ৰাজা সবো প্ৰকাশ কৰয়।
হৰিৰ মুৰ্ত্তিক মানে প্ৰশংসা কৰয়॥
অন্যো অন্যে বোলে ওবা কিনো ভাগ্যোদয়।
যাক ব্ৰহ্মা হবে চিন্তি ধ্যানে নপাৱয়॥
হেন পূৰ্ণব্ৰহ্মক দেখিবে পাইলো লাগ।
অগস্তি মহন্তে কিনো দিলে মহাভাগ॥
তিনি যুগ শিলা হুয়া আমি আছোঁ পড়ি।
পুত্ৰ জীৱ ভাৰ্যা আরু ৰৈব কেন কৰি॥
যম কালে সবলোক কৰিলেক চুৰ।
আমৰাৰ পুত্ৰ ভাৰ্য্যা পাইবোঁ কোন পুৰ॥
কতো গোটে বোলে ওবা নকৰিবা ৰোষ।
ত্ৰৈলোক্যনাথ হৰি হুই আছা সন্তোষ॥
কোন বস্তু ধন নাৰী পাইবোঁ যত লাগে।
কোননো অলভ্য আছে ঈশ্বৰৰ আগে॥
এহিমতে কহে কথা ৰাজগণ যত।
কৰ্ণদত্ত ৰাজা আছে হৰিৰ আগত॥