এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৪
কুলাচল-বধ।
গৰুড়ত চড়ি হৰি দশো দিশে চাইল।
দুতয় দিনৰ মান পথ ভেট পাইল॥
যিটো হৰি আত্মারুপে সবাতো আছন্ত।
বাহিৰ ভিতৰ জানা নাহি আদি অন্ত॥
হেন পূৰ্ণব্ৰহ্মৰ বা দৃষ্টি লাগে কিক।
লোকক দেখান্ত হেনমত ভকতিক॥
সিবেলা পাথৰ রূপে যতেক আছিল।
সবে নিজ চিহ্নধৰি পুৰ্ব্ববৎ ভৈল॥
জয় জয় বুলি সবে বাৱে বাদ্যভণ্ড।
প্ৰজাৰ গিৰত দলদোপ মহীখণ্ড॥
সত্যৰ ব্যৱস্থা সবে বৃহত শৰীৰ।
নুহি ছোট মহাশুদ্ধ গহীন গম্ভীৰ॥
কলিৰ কালৰ প্ৰজা জানুমান হয়।
হয় হস্তী ৰথী ৰথ সবেয়ো তেহ্নয়॥
ধৰ্ম্ম পক্ষীগণে বোলে শুনিয়ো জৈমিনি।
প্ৰজাৰ গিৰত মাত বোলক নুশুনি॥
পৰ্ব্বত সমান হস্তী ঘোড়া পখাময়।
আকাশত গতি কৰি ফুৰিবে খোজয়॥
মাধৱে বোলন্ত পূৰ্ব্ব শৰীৰ থাকোক।
কিন্তু কলিযুগৰ ব্যৱস্থা প্ৰবৰ্ত্তোক॥