পৃষ্ঠা:কুলাচল বধ.djvu/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৬
কুলাচল-বধ।

বৃহত শৰীৰ তাৰ সুন্দৰ সুথিৰ।
থৰ ভৈল জিহ্বা তাৰ বাক্যৰ অথিৰ॥
দুই কৰযুড়ি মাতিবাক নপাৰয়।
ইঙ্গিতে জানিলা তাক দেব কৃপাময়॥
অগন্তিক মাতিয়া বোলন্ত দামোদৰ।
নবজাৰে বাক্য দেখা ৰাজাৰ মুখৰ॥
তযু কমণ্ডলু জল দিয়োক তাহাক।
তেবেসে তাহাৰ জীহে বজায় থাক॥
কেশৱৰ আজ্ঞায়ে নিয়ে জল দিলা।
মাথাত লৈলেক জল ভোজন কৰিলা॥
এতেক বিন্যাস ভৈল বাক্যবহ্নি যত।
বুলিবে লাগিলা স্তুতি বিষ্ণুৰ আগত॥
মুনিয়ে পুছন্ত মোৰ মিলিল সংশয়৷
একেলগে শিলা ভৈল ৰাজা সমস্তয়॥
তাসম্বাৰ বাক্য কেনে মূখত আসিল৷
কৰ্নদত্ত ৰাজা কিয় জড় হুয়া ৰৈল॥
ইসব সংশয় মোৰ ছেদিবে লাগয়৷
কহিয়োক জানা তুমি চাৰি কৃপাময়॥
হেনশুনি বপুসুতে বুলিলা বচল॥
ইহাৰ কাৰণ আৰে শুনা তপোবন।