পৃষ্ঠা:কুলাচল বধ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
কুলাচল বধ৷

খানিলে ধৰণী খান টোলবোল ভৈল৷
খুৰাৰ আছোটে কতো দূৰ বহি গৈল॥
বিড়ালৰ বেশমুনি গুণে মনে মন।
ছাগলৰ বেশ ইটো দানৱ দুৰ্জ্জন॥
ময়ো ঘোৰরূপ ধৰোঁ বৃহত শৰীৰ।
ইহাক মাৰিয়া যজ্ঞ ক্ষেত্ৰ কৰো স্থিৰ॥
এহি বুলি ভয়ানক বিড়াল ভৈলেক।
ঐৰাৱত হস্তীসম দেখিয় প্ৰত্যেক॥
তেজে ঘোৰ ৰাৱ আতি ক্ৰোধত নাদয়।
আটাসত কাণ ফাটে শুনি লাগে ভয়॥
দেখি মুনি সমস্তৰ কাৰো সুখ নাই।
অদভূত কাৰ্য্য ডৰে অন্তৰি পলাই॥
কতো কতো ৰহিল যজ্ঞ ৰক্ষা হুই।
ছাগল মাৰ্জ্জাৰ যুদ্ধ লাগিলেক দুই॥
লাম্ফ দিয়া মাৰ্জ্জাৰে লোমত ধৰিলেক৷
গল ধাপৰিত ঘোৰ কামোৰ দিলেক॥
ঢোলৰ সমান তাৰ মাংস ডোখৰেক।
মুখে আছাৰিয়া তাক পেলাইলা দূৰক॥
তীক্ষ্নতৰ শৃঙ্গে মেষ খোঞ্চ এক দিল।
দুই আঠু মধ্যে যেন ত্ৰিশূলে ঘালিল॥