এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৮
কুলাচল-বধ।
তিনি যুগ বহি গৈল যজ্ঞ কৰিবাৰ।
জলে থলি খান যেন চন্দ্ৰৰ প্ৰকাৰ॥
যেন শালবৃক্ষ সব গজিয়া আছয়।
সেহি ভাৱে ধুপবঠি সবে প্ৰকাশয়॥
তাৰ হন্তে এক প্ৰহৰৰ পথ হয়।
একে লাম্ফে তাৰ এক লৈলা কৃপাময়॥
ডেৱ দিয়া পুনু আসি শিলাত চড়িল।
দানৱ বধিবে হৰি যতন কৰিল॥
উচ্চৃতে বহলে হোৱে যোজন প্ৰমাণ।
পৰম সুন্দৰ ৰম্য শুক্ল শিলাখান॥
পাৰিষদ সমে হৰি যখনে চড়িলা।
অল্পমান ধৰণীৰ উজ্জলি উঠিলা॥
অন্ত্ৰ ধৰি হৰি যেবে চাহিয়া আছয়।
দানৱ মুগুঢ় তেবে খেদিয়া আসয়॥
কতো লাম্ফ মাৰে কতো ডেৱদি চলয়।
দমস দমস কৰি ধৰণী লড়ৰ॥
কতো বেলি পাইলা যায় কৃষ্ণৰ সন্নিত।
বুলিবে লাগিল কষ্ট কৰি বিপৰীত॥
শুনা নাৰায়ণ তযু বুঝিলো মহত।
মোহোক নমাৰি তুমি পলৱা কিমত॥