পৃষ্ঠা:কুলাচল বধ.djvu/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২১
কুলাচল বধ।


শুনিয়ো বচন মোৰ কৰ্ণদত্ত সুত।
যিসব বুলিলি মানে সবেয়ো যুগুত॥
কিন্তু মই ইহাক কহঁও ভালে শুন।
বিষম হুইবাৰ মোৰ শুনিয়োক গুণ॥
যত দৈত্য দানব মানব পশুচয়।
ইটো ধৰণীৰ ভাৰ যিসব হোৱয়॥
সবাকো সংহৰি ময় মহাভাৰ হৰোঁ।
ভক্ততো নিগ্ৰহ কৰি সালঙ্কৃত কৰো॥
এহি শুনি কুলাচলে দিলেক উত্তৰ।
সত্বৰে মাৰিয়ো মোক দেবদামোদৰ॥
মনৰ খেদত যিবা বুলিলো বচন।
সিটো অপৰাধ মৰশিয়ো নাৰায়ণ॥
আরু মোৰ অপৰাধ হোৱয় ডাঙ্গৰ।
দাস হুয়া স্বামী সমে কৰোহোঁ সমৰ॥
ঋষি সাপে পায়া আছোঁ কুবেশ শৰীৰ।
তাহাক এড়িবে মন কৰোহোঁ সত্বৰ॥
তযু চক্ৰে তিনি বাৰ শিৰক ছেদিল।
কোন হেতু মোৰ মহা মৃত্যু নিমিলিল॥
খৰতৰ কৰি মোৰ কৰিয়োক কাল।
তোমাৰ সন্নিত ময় লভঁও গোপাল॥