সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২২
কুলাচল-বধ।


ধৰ্ম্মপক্ষিগণে বোলে বাণী শুনি তাৰ।
দেবাসুৰ মুনিগণে প্ৰশংসে অপাৰ॥
সাধু সাধু মহাবীৰ কৰ্ণৰ তনয়।
ইহাৰ সমান জানো ভক্ত নাহিকয়॥
কীট শুকৰাদি দেহধৰি সুৰনৰ।
জীবাকেসে লাগি আশা কৰে বহুতৰ॥
একে মহাজন হৰি ভকতত পৰে।
মৰিবাক লাগি কেহো উদ্যম নকৰে॥
দানবৰ ৰাজা হুয়া ভোগক কৰয়।
তথাপিতো মৰণক বাঞ্চে মহাশয়॥
এহিমতে প্ৰশংসন্ত সিদ্ধ মুনিগণ।
অনন্তৰে কুলাচল উঠিল তেখন॥
দিব্য মহাবাণ সব ধনুত যুৰিল।
অসংখ্যাত শৰহানি নিসন্ধি ঢাকিল॥
আৰু তাৰ বীৰ সবে শৰ বৰিষিল।
পৌষ মাসত যেন কুহৰি ঢাকিল॥
পক্ষিৰাজ গরুড়কো শৰে চানিলেক।
পাখাৰ ওপৰে যেন পখা গজিলেক॥
হৰহৰ কৰে গাৱ বিষে জৰজৰ।
শোণিতৰ নদীৰহে পখাৰ ওপৰ॥