পৃষ্ঠা:কুলাচল বধ.djvu/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
কুলাচল-বধ।

তেহে বৈশম্পায়নক উপদেশ দিলা।
জম্মিজয় নৃপতিত কহিবে বুলিলা॥
অপৰ কাহিনী শুনি মাৰ্কণ্ডেয় সন্ত।
বপুসুত সবক তেহেন্তে পঢ়াইলন্ত॥
পৰম ৰহস্য শাস্ত্ৰ ভৈলন্ত বেকত।
শুকক পঢ়াইলা শাস্ত্ৰ মহা ভাগবত॥
পুৰাণ ভাৰত ভাগবত আদি যত।
সবে ব্যাসকৃত আৰ কি কৈবো মহন্ত
হেন জানি বুধজন কৰিয়া যতন।
ইহাক গুণিয়া কৰা বৈকুণ্ঠে গমন॥
দুৰ্ল্লভ মনুষ্য তনু পায়া কেনমত।
নিচিন্তি বসিয়া আছা বিষয় সুখত॥
কৈত কোন দিনা মিলে দাৰুণ মৰণ।
সত্বৰে লৈয়োক বন্ধু কৃষ্ণত শৰণ॥
সন্তৰ সঙ্গত কৰি শ্ৰবণ কীৰ্ত্তন।
কৰিয়ো হৰিত ভক্তি হুয়া শুদ্ধ মন॥
ভাৰত ভুষণে বোলে ইসে তত্ব সাৰ।
ৰাম ৰাম বুলি তৰা অপাৰ সংসাৰ॥

⸻৹⸻