পৃষ্ঠা:কুলাচল বধ.djvu/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৩
কুলাচল-বধ।

শুনি জৈমিনিৰ মনে মিলিল সংশয়।
পুচিলন্ত কথা পক্ষিগণত বিনয়॥
কুলাচল পুত্ৰ দুই বিষ্ণু পক্ষকৰ।
কোন বেলা লগ পাইল হৰি ভকতৰ॥
কোনবা মহন্তে তাক হৰিক চিনাইল।
হেনয় ভকত তাৰা কেন মতে ভৈল॥
বপু সুতে বোলে শুনা মুনি মহাজন।
সনাতন নাম তেহে ব্ৰহ্মাৰ নন্দন॥
তাহান ভকত দুয়ো হৰি পৰায়ণ।
ভকতৰ মধ্যে দুয়ো পৰম গ্ৰহন॥
এহি শুনি মুনিৰ সংশয় গুছিলন্ত।
দানব কুলত হেন পৰম মহন্ত॥
শুনা সভাসদ পুণ্য কথা অনুপাম৷
হংস কাকী নিশ্ৰ ইটো বনপৰ্ব্ব নাম॥
ইহাৰ শ্ৰবণে সংসাৰৰ পাই পাৰ।
পৰম তৰুণী মহাভৱ তৰিবাৰ॥
পৃথিবীত ইটো কথা নাছিল পূৰ্ব্বত।
পৰম গোপনি ৰূপ ব্ৰহ্ম মণ্ডলত॥
পৰাশৰ সুত দ্বৈপায়ন ভগবন্ত।
পৰম কৃপালু মুনি ব্যক্ত কৰিলন্ত॥