এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৫
কুলাচল-বন্ধ
দুলড়ি।
বপুসুতে বোলে, শুনা মুনিবৰ,
পাছে যেন কথাভৈল।
পিতৃক প্ৰণামি কুলাচল পুত্ৰ,
দুয়ো গৃহে চলি গৈল॥
সেহি সময়ত, অসুৰ দানৱ,
মিলিলেক সমৰত।
কাল মেঘ যেন, কৰে কোলাহল,
অতিশয় ময়মত্ত॥
নগৰত আৰ, বীৰ নাথাকিল,
সবে আইল চপ কৰে।
গদা মুদ্গৰ, পৰশু মুষল,
নানা অস্ত্ৰ ধৰি কৰে॥
দুৰ্জ্জন দৰ্পিষ্ট, কুলাচল নিষ্ট,
মৰিবাক আসে ধাই।
মহিষৰ মহা, ৰথত চড়িয়া,
কোদণ্ড কৰে উঠাই॥
পাৰিষদ সেণা, সবক দেখিয়া,
মনে তাৰ উপজিল।