পৃষ্ঠা:কুলাচল বধ.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৭
কুলাচল-বধ।

আরু শুনা ইহাৰ পিতৃত কথাচয়।
কৰ্ণদত্ত নামে ৰাজা তযু ভক্ত হয়॥
পুল্ৰৰ কাহিনী শুনি সৈন্যে সমে আসি।
বুলিলে অনেক বাক্য পূৰ্ব্ব নিজিজ্ঞাসি॥
বিষ্ণু ভকতৰ নুহি হেন দম্ভ কাষ।
ক্ৰোধ চাণ্ডালৰ হৰি ভক্ত সব বাজ॥
নিজ নাশহেতু ক্ৰোধ অহঙ্কাৰ হয়।
মহন্তৰ দ্বেষ্যে মহা দুৰ্গতি মিলয়॥
কৰ্ণদত্ত ৰাজা তযু আছিল ভকত।
মোৰ বাক্যে শিলা ভৈল ক্ৰোধ চাণ্ডালত॥
গৰ্ব্ব অহঙ্কাৰ তযু ভকতৰ নাই।
ইসব মিলিলে তেবে দুৰ্গতিক পাই॥
ধৰ্ম্মপক্ষিগণে বোলে শুনা মুনি সন্ত।
এহি কহি মৌন ভৈলা অগস্তি মহন্ত॥
হাস্য কৰি মেঘৰ গম্ভীৰ ধ্বনি হৰি।
ধীৰে ধীৰে মাতিলন্ত মুনিক সাদৰি॥
বদতি মাধৱ শুনা মহন্ত প্ৰধান।
অপৰ তেজস্বী নাহি তোমাৰ সমান॥
তোমৰাৰ অপৰাধ যিজনে কৰয়।
যোহোব সিজন দণ্ডিবাৰ যোগ্য হয়॥