পৃষ্ঠা:কুলাচল বধ.djvu/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
কুলাচল-বধ।

এতেকেসে ইটো ভক্ত দ্ৰোহী দুৰাচাৰ
আরু কৰি আছে পাণ্ডবক অঅকাৰ
সবাহাৰে উপকাৰী তাৰা পাঞ্চ ভাই।
সবে দেবগণে তাক পালিবে যুৱাই॥
বপুসুতে কহন্ত জৈমিনিৰ আগত।
আগবাঢ়ি প্ৰজাপতি বুলিলা সাম্প্ৰত॥
হে দেব নাৰায়ণ শুনা কহো যেন।
পাণ্ডবৰ উপকাৰ পৰম গহন॥
তিনিয়ো লোকক কৰি আছে প্ৰতিকাৰ
বঘাসুৰ বধি হিত সাধিছে সবাৰ॥
হেন মহা মহন্ত পাণ্ডব পাঞ্চো ভাই।
তাসম্বাৰ প্ৰতিকাৰ সুজন নষাই॥
হৰি ভক্তে দেহ গেহ মোৰ নো বোলয়
প্ৰাণ পৰিশ্ৰমে সবে লোকক ৰাখয়॥
শুনা প্ৰভু নাৰায়ণ বচন আমাৰ।
তযু অবিজিত কিছু নাই সমাচাৰ॥
তুমি পূৰ্ণানন্দ আদিকৰ্ত্তা জগতৰ।
হেন প্ৰভু আপুনি সহায় পাণ্ডবৰ॥
ভকতক ৰাখি তুমি পাৰিষদ সমে।
কুলাচল বধিবাক আসিছা নিয়মে॥