পৃষ্ঠা:কুলাচল বধ.djvu/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৬
কুলাচল-বধ

আৰ হুয়া দুষ্টে ধৰি ছাগলৰ বেশ।
বহুতৰ যজ্ঞ বস্তু খাইলেক নিশেষ॥
ময়ো মৰ্জ্জাৰৰ বেশে বেদনা কৰিল।
বৃদ্ধ শৰীৰক মোৰ বড়ে বিতাৰিল॥
জলে স্থলে দিনা সাত মানে যুদ্ধ ভৈল।
তেবেসে মোহোৰ গাৱে সুরুতি উঠিল।
মায়া এড়ি বাক্যে তাৰ শান্ত কৈলো মন
ছলপাই বৰ মোত লাগিলে দুৰ্জ্জন॥
অজৰ অমৰ কায় আমাত খুজিল।
ব্ৰহ্মাৰ দিনেক জীবে বাঞ্চাক কৰিল॥
পাছে তাক বৰ দিলো তিনি যুগলাই।
নব প্ৰহৰৰ পথে তোৰ মৃত্যু নাই॥
দীৰ্ঘে প্ৰস্থে তাৰ তয় ৰাজ হোৱ যেবে
নিশ্চয় জানিবি তোৰ মৃত্যু হৈবে তেবে
বাহিৰত যিটো ধুপ বঠিক ছানিব।
বজ্ৰ হুয়া সিটো তোৰ মাথাক ছেদিব॥
ছাগলৰ মুখতোৰ হুইবেক কুনয়।
দানব আচাৰী হৈবে তোৰ সেনাচয়।
এহি সব বাণী মই তাহাক বুলিলো।
মোহোৰ বচনে তাৰ শাপে বৰ ভৈল।