পৃষ্ঠা:কুলাচল বধ.djvu/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৫
কুলাচল-বধ।

সবাহাৰে অন্তৰ্যামী তুমি হৃষীকেশ।
নমো ঘনিভূত নিত্য অচিন্ত্য অশেষ॥
মহা যোগীগণে যাক সদা আৰাধন্ত।
অনন্তে সহস্ৰ মুখ যাৰ গুণ গান্ত॥
কৰ্ম্মী জ্ঞানী সমস্তৰ যিজন দুৰ্ল্লভ।
শ্ৰৱণ কীৰ্ত্তন ভক্তি পাৱন সুলভ॥
মহা মহা যজ্ঞ যজি তোমাক নপাই।
ভকতৰ সঙ্গে তুমি থাকাহা সদাই॥
কিনো মহা ভকতিৰ কৰিলে পাণ্ডব।
যাহাৰ ক্ষণিকো লাগ নাছাড়া মাধব॥
ভকতৰ বৈৰীসে তোমাৰ বৈৰী হয়।
বিশেষত তযু শত্ৰু মিত্ৰ নাহিকয়॥
এহিমতে আনো নানা কৰি স্তুতি নতি।
আগবাঢ়ি ৰৈলা মুনি চাপিয়া সমিতি॥
অগস্তি বোলন্ত প্ৰভু দেব বনমালী।
এহি কুলাচল কৰ্ণ দত্তৰ চৱালী॥
মৃগ মাৰিবাক আসি অশ্ৰমে আমাক।
পশিয়া খুজিল অন্ন ব্যঞ্জন খাইবাৰ॥
হৰি পূজা দ্ৰৱ্য আমি কিছুকো নিদিলোঁ।
গুচ দুৰাচাৰ বুলি তথাৰ খেদিলোঁ॥