পৃষ্ঠা:কুলাচল বধ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
কুলাচল-বধ।

পাপিষ্ঠ পামৰ নষ্ট দুষ্ট কুলাঙ্গাৰ।
হেনবাক্য কিসক ৰটিলি দুৰাচাৰ॥
ঈশ্বৰকো বোল হেন দুৰ্ম্মদ বচন।
দূৰগুছ পাপী তোক নাহি সম্ভাষণ॥
ঋষিৰ মূৰ্ত্তিক সেখি লাগিলেক ভয়।
নাকেমুখে ঝাঁত ঝাঁত অগনি উঠয়॥
ঈশ্বৰত কৰিয়া ৰাজাক বাখানিল।
এতেকেসে তান ক্ৰোধে অগনি উঠিল॥
গালৱ বদতি ওবা শুনা মহাৰাই।
দেখা বৈষ্ণৱৰ কেন দুঃখৰ অপাই॥
মায়া আদি কৰি যত দেব দেবীচয়।
ঈশ্বৰেৰে আসম্বাক সমান কৰয়॥
তাৰ জিহ্বা টানি কাটে যমৰ কিঙ্কৰে।
চৌৰাশী নৰফ সিটো ভুঞ্জি ভুঞ্জি মৰে॥
কৰ্ণদত্ত ৰাজাৰ পুত্ৰক দেখিয়োক।
বৈষ্ণৱক অৱগৰ্ব্ব কৰে যিটো মোক॥
তোমাত কহও কুন্তীসুত মহাশয়।
মহন্তক অপমান নিদিবা নিশ্চয়॥
বপুসুতে বোলে শুনা জৈমিনি মহন্ত।
ধৰ্ম্ম নৃপতিত কথা গালৱে কহন্ত॥