পৃষ্ঠা:কুলাচল বধ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
কুলাচল-বধ৷

আয়ুঃ শ্ৰী যশঃ ধৰ্ম্ম কল্যাণ যতেক।
মহন্তক উপহাসে টুটয় প্ৰত্যেক॥
দেখা কেন ধূম্ৰাক্ষ কুমৰ নাশ হয়।
ঈশ্বৰক ন্যূন কৰি মহত্ত্ব কৰয়॥
পিতৃ মাতৃ ৰাজ্যভাৰ আপুনি নাশয়।
ঋষিৰ ক্ৰোধক দেখি পাইলা মহাভয়॥
পাত্ৰ মন্ত্ৰিগণ সবে চমকিল অতি।
জানো দহি ভস্ম কৰে মুনিয়ে তহিতি॥
মনেগুণি গাৱ মাৰি পালটী আসিল।
অনন্তৰে গৈয়া কতো দূৰত ৰহিল॥
পাত্ৰগণে বোলে আবে শুনিয়ো কুমৰ।
ৰাজ্যক চলিয়ো আবে কৰি খৰতৰ॥
কুমৰে বোলয় আমি নযাইবোঁ ৰাজ্যক।
কৰিবাক লাগে কিছু মুনি সমূহক॥
মোৰ আশাছেদ কৰে হুয়া বিপ্ৰজাতি।
যিমত অপায় আক কৰিবোঁ সম্প্ৰতি॥
দেখা মুনিবৰ কেনে দুৰ্জ্জনৰ মন।
বৈষ্ণৱক দুঃখদিবে কৰিলা যতন॥
মন্ত্ৰীগণে তাক বহু বাক্যে হাক দিল।
পৰম দুৰ্ম্মদ পাপী তাক নমানিল॥